কোৰাণ আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিলে এগৰাকী হিন্দু ছাত্ৰীয়ে, দেশজুৰি চৰ্চা…

কোৰাণ আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি দেশজুৰি চৰ্চাত এগৰাকী কণমানি ছাত্ৰী।

কিয়নো কোৰাণ আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ছাত্ৰীগৰাকী হৈছে হিন্দু সম্প্ৰদায়ৰ।

কেৰালাৰ কোজিকোডৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে কোৰাণ আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ পিছত চৰ্চালৈ আহিছে।

কোজিকোডত অনুষ্ঠিত থোডান্নুৰ উপ-জিলা কলা মহোৎসৱত এই সাফলতা লাভ কৰে কণমানি পাৰ্বতীয়ে।

কণমানি পাৰ্বতী চেম্মাৰাথুৰ এলপি স্কুলত অধ্যয়নৰত।

এগৰাকী হিন্দু সম্প্ৰদায়ৰ ছোৱালী হোৱা স্বত্বেও সলসলীয়াকৈ আৰৱী ভাষাত কোৰাণ আবৃত্তি কৰা কণমানি পাৰ্বতীক লৈ এতিয়া দেশজুৰি চলিছে চৰ্চা।