ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত কলেজীয়া শিক্ষাৰ্থীসহ আহত ৩ জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত কলেজীয়া শিক্ষাৰ্থীসহ আহত ৩ জন।

গোৰেশ্বৰ-খৈৰাবাৰী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুগৰাকী কলেজীয়া শিক্ষাৰ্থী আহত হয়।

আহত তিনিগৰাকীকে গোৰেশ্বৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰে এজনৰ অৱস্থা বৰ্তমানে সংকটজনক বুলি জানিব পৰা গৈছে।

আহত কেইগৰাকী ক্ৰমে, সুভাষ চন্দ্ৰ ডেকা (২৩), অৰবিন্দ ৰাভা(৩৫) আৰু ক্ৰিতিৰেখা দৈমাৰী (১৭)।

উল্লেখ্য যে গোৰেশ্বৰ দিশৰ পৰা AS-25-Q-8875 নম্বৰৰ স্কুটিৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-01-FB-2194 নম্বৰৰ হিমালয়ান মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।