অসম

প্ৰতিমা বিসৰ্জনৰ সময়ত অঘটন, এগৰাকী ৮৪ বছৰীয়া লোকৰ সলিল সমাধি…

প্ৰতিমা বিসৰ্জনৰ সময়ত অঘটন।

এগৰাকী ৮৪ বছৰীয়া লোকৰ সলিল সমাধি।

বিজয়া দশমীৰ দিনাখনে লামডিঙত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটা লোকজনৰ নাম লক্ষ্মন গোৱালা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, উত্তৰ লামডিঙৰ লক্ষ্মণ গোৱালা নামৰ ৮৪ বছৰীয়া লোকজন প্ৰতিমা বিসৰ্জন দিবৰ বাবে লামডিঙৰ কালীবাড়ী পুখুৰীৰ বিসৰ্জনস্থলীলৈ গৈছিল আৰু দুৰ্ভাগ্যৱশত পানীত পৰি সলিল সমাধি ঘটে।

ঘটনাস্থলীত উপস্থিত থকা পূজা কমিটিৰ লোক আৰু এছ ডি আৰ এফৰ দলে লোকজনক উদ্ধাৰ কৰি লামডিং অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও ইতিমধ্যেই লোকজনৰ মৃত্যু ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *