অসম

শোকাৱহ! বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱক পংকজে…

এক শোকাৱহ ঘটনা!

বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী অসমৰ যুৱকে।

মৃত যুৱকজন তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ ছিল্কীঝাৰৰ পংকজ কলিতা।

আৰ্থিক দৈন্যতাৰ বাবে মুম্বাইস্থিত চিচেগা এন্টাৰপ্ৰাইজ নামৰ এটা ব্যক্তিগত কোম্পানিত প্ৰায় ছমাহ আগতে কাম কৰিবলৈ গৈছিল পংকজে।

শনিবাৰে নিশা কৰ্মৰত অৱস্থাত বুকুত মেচিনৰ খুন্দা খাই অকাল মৃত্যুক সাৱটিলে ছিল্কীঝাৰ নিবাসী হলাধৰ কলিতাৰ তৃতীয় পুত্ৰ পংকজ কলিতাই৷

পংকজ কলিতাৰ অকাল মৃত্যুৰ সময়ত এগৰাকী পত্নী সহ এটি দুবছৰীয়া পুত্ৰ সন্তান, মাতৃ ৰেণু কলিতা আৰু তিনিজন ককাই-ভাই এৰি থৈ যায়।

উল্লেখ্য যে, কোম্পানিটোৱে ভাতৃ দ্বিগম কলিতাক এখন উকা দলিলত চহী লৈ পচিশ হাজাৰ টকা দি মৃতদেহটো বিমানযোগে পঠাই দিয়ে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *