আৰক্ষীৰ জালত মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধুৰী…

আৰক্ষীৰ জালত মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ৱৰ্ক অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধুৰী।

কিছুদিন পূৰ্বে লোহিত কনষ্ট্ৰাকচনে জনস্বাস্থ্য কাৰিকৰী বিভাগত দাখিল কৰা এখন ৱৰ্ক অৰ্ডাৰত মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ প্ৰত্যক্ষ কৰিছিল বিভাগৰ লোকে৷

লগে লগে বিভাগৰ ফালৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰ থানাত দাখিল কৰে এখন এজাহাৰ৷

প্ৰথমে দিছপুৰ আৰক্ষীয়ে লোহিত কনষ্ট্ৰাকচনৰে জড়িত ৪জন ঠিকাদাৰ ক্ৰমে বিনীত পোড্ডাৰ, দীপজ্যোতি দত্ত, জয়মিনি মোহন আৰু পংকজ গগৈক আটক কৰিছিল৷

চাৰিওগৰাকী ঠিকাদাৰক সোধা–পোছা কৰাত ওলাই পৰিছিল কেনেদৰে ইমৰান শ্বাহ চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি বনাই দিছিল ৱৰ্ক অৰ্ডাৰ৷

ইয়াৰ পিছতে দিল্লীত গৈ আত্মগোপন কৰিছিল ইমৰান শ্বাহ চৌধুৰীয়ে৷

অৱশেষত দিল্লীত গৈ দিছপুৰ আৰক্ষী উপস্থিত হৈ অভিযান চলাই ইমৰান শ্বাহ চৌধুৰীক গ্ৰোপ্তাৰ কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষীয়ে৷

লগতে ইমৰানক দিল্লীত ঠাই সলনি কৰাত সহায় কৰা ৰাজীৱ চৌধুৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

দিল্লীৰ সমান্তৰালকৈ গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিলীপ দাস নামৰ ইমৰানৰ আন এজন সহযোগীক৷

দিলীপ দাস, অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী নামৰ ৩ প্ৰৱঞ্চকে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী কালেকচন কৰি আনি দিছিল ইমৰান শ্বাহ চৌধুৰীক।

সম্প্ৰতি মাষ্টাৰমাইণ্ড ইমৰানক দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অনাৰ বিপৰীতে আন দুই প্ৰৱঞ্চক ক্ৰমে অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰীক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।

Leave a Comment