অসম

কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু…

তিতাবৰত কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু।

তিতাবৰত সোমবাৰে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

জানিব পৰামতে অসম-নাগালেণ্ড সীমান্তৰ তিতাবৰৰ ভাগ্যলক্ষী গাঁৱৰ এজন লোকৰ কুঁৱাত উদ্ধাৰ হৈছে মৃত নাহৰফুটুকীটো।

বন বিভাগে সন্দেহ প্ৰকাশ কৰামতে ৰাতি চিকাৰ বিচাৰি আহি কুঁৱাত পৰাৰ ফলতে এনেদৰে মৃত্যু ঘটিছে নাহৰফুটুকী বাঘটোৰ।

তিতাবৰ বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত্যু হোৱা বাঘটোৰ বয়স প্ৰায় ৫ বছৰ বুলি উল্লেখ কৰিছে বন বিভাগে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি ভাগ্যলক্ষী ফুলবাৰী মেদেলুৱাজান অঞ্চলত গাঁৱৰ ৰাইজৰ পোহনীয়া গৰু-ছাগলী মাৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *