ৰাষ্ট্ৰীয়

শোকাৱহ পথ দুৰ্ঘটনা! দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৯ জনকৈ লোকৰ কৰুণ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন, ৯ জনকৈ লোকৰ কৰুণ মৃত্যু।

বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ ফলতে ৯ গৰাকী লোকৰ কৰুণ মৃত্যু হয়।

আনহাতে দুৰ্ঘটনাত অন্য চাৰিজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক হস্পিটেলত ভৰ্তি কৰোৱাৰ ব্যাৱস্থা কৰে।

মৃত্যু হোৱা ৯ গৰাকী লোকৰ ভিতৰত ৬ গৰাকী লোকক চিনাক্ত কৰা হৈছে।

চিনাক্ত হোৱা লোক কেইজন হৈছে ক্ৰমে- গুলাম ৰাবানি(৫৫), মহম্মদ ফজল(৬০), মুস্তাক আহমেদ(৬৩), ফজল আহমেদ(৬২), গুলাম গালানি(৫৫) আৰু মহম্মদ আকবৰ(৬২)।

Leave a Reply

Your email address will not be published. Required fields are marked *