অসম

শোকাৱহ! পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে সৰবৰহী যুৱক নৱজ্যোতিয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী সৰবৰহী যুৱকে।

মৃত যুৱকজন ধেমাজি জিলাৰ মাছখোৱা মাজগাঁওৰ নৱজ্যোতি কোচ।

ঢকুৱাখনাৰ পৰা ঘিলামৰাহৈ গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথত বুধবাৰে দুপৰীয়া সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰা মতে বুধবাৰে দুপৰীয়া ‘এয়াৰটেল’ কোম্পানীৰ চেলছ কৰ্মচাৰী ধেমাজি জিলাৰ মাছখোৱা মাজগাঁওৰ নৱজ্যোতি কোচে এ এছ ২২ ই ৯৩২৭ নম্বৰৰ এখন স্কুতি লৈ ব্যৱসায়িক কামত পথেৰে গৈ আছিল।

তেনে সময়তে উক্ত পথেৰে যাত্ৰীবাহী বাছত যাত্ৰী উঠি থকা অৱস্থাত স্কুটি চালক নৱজ্যোতি কোচে বাছখন অতিক্ৰম কৰিবলৈ লওঁতেই বিপৰীত দিশৰ পৰা তীব্ৰ গতিত অহা এ এছ ৩২ ৯৬৬৫ নম্বৰৰ আই টুৱেন্টি গাড়ীখনে খুন্দা মাৰে।

গুৰুতৰ ভাবে আহত নৱজ্যোতি কোঁচক ঘিলামৰা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়া হৈছিল যদিও পথতে যুৱকজনৰ মৃত্যু ঘটে।

ইপিনে অনিয়ন্ত্ৰিত গতিত অহা আই টুৱেন্টি বাহনখনৰ চালক ঘিলামৰা বৰদৈ চুতীয়াকাৰী গাঁওৰ লক্ষীনন্দন চুতীয়া সামান্য ভাবে আহত হয়।

এই সন্দৰ্ভত ঘিলামৰা থানাত এক গোচৰ পঞ্জীভূত কৰা হৈছে।

নৱজ্যোতি কোঁচৰ এই মৰ্মান্তিক বিয়োগৰ খবৰে ঘিলামৰা, মাছখোৱাত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *