গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) পুনৰ আটক আন এটা দালাল।
বুধবাৰে নিশা GMCHত পুনৰ হাতে-লোটে ধৰা পৰিল ৰঞ্জন দত্ত নামৰ এজন দালাল।
দীৰ্ঘদিনৰ পৰা Icu, কেবিন, ব্লাড, ৰিপোৰ্ট কাৰ্ড দিয়াৰ নামত ৰোগীৰ পৰা ধন সৰকাই আহিছিল প্ৰবঞ্চক ৰঞ্জন দত্তই।
বুধবাৰে GMCH ত ৰোগীৰ পৰিয়ালৰ হাতত আটক হয় দালাল ৰঞ্জন দত্ত।
ৰোগীৰ পৰিয়ালে ধৰি ভঙাগড় থানাত গতাই দিয়ে ৰঞ্জন দত্তক।
বিভিন্ন সময়ত ৰঞ্জন দত্তই ৰোগীৰ পৰা সৰকাইছিল হাজাৰ হাজাৰ টকা।
৩০০০/৪০০০ টকাত ৰোগীক বিভিন্ন কাম কৰি দিয়াৰ প্ৰলোভন দি আহিছিল ৰঞ্জন দত্তই।
কিন্তু ধন হাতত পৰাৰ পিছতেই উধাও হয় এইটো প্ৰবঞ্চক।