অসম

মূল্যবৃদ্ধিক লৈ মই অশান্তি পাইছো, মইও এজন কাষ্টমাৰ’- ভৱেশ কলিতা

অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক।

পেট্ৰ’ল-ডিজেল, ৰন্ধনগেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুই লগাইছে বজাৰত।

মূল্যবৃদ্ধি ৰোধ কৰাত শাসকীয় দল সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধীয়ে।

ইয়াৰ বিপৰীতে মূল্যবৃদ্ধিক লৈ বিভিন্ন অজুহাত দেখুৱাই আহিছে শাসকীয় দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে।

এইবাৰ মূল্যবৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

তেওঁ কয়-মূল্যবৃদ্ধিক লৈ আমিও অশান্তি পাইছো, মইও এজন কাষ্টমাৰ নহয় নেকি। কিছুমাৰ মূল্যবৃদ্ধি কমিব, সদায় নাথাকে। চৰকাৰে ব্যৱস্থা লোৱাৰ কাৰণে প্ৰয়াস চলাই আছে।

তেওঁ লগতে ৰাজ্যত অতি সোনকালে মূল্যবৃদ্ধি হ্ৰাস হোৱাৰ আশা কৰিছে।

আনহাতে ৰাজ্যত ‘আপ’ৰ উত্থান হোৱা কথাটো নস্যাৎ কৰিছে নেতা গৰাকীয়ে।

তেওঁ কয়- এটা ৱাৰ্ড জয়ী হলেই উত্থান হয় নেকি? যাৰ বিধায়ক এজন নাই, সাংসদ এজন নাই তাক উত্থান বুলি কয় নেকি? ইয়াত তেওঁলোকে খাতাই খুলিব পৰা নাই।

লগতে কংগ্ৰেছ দলক অসমৰ ৰাইজে আৰু কেতিয়াও গ্ৰহণ নকৰে বুলি মন্তব্য কৰে ভৱেশ কলিতাই।

ইপিনে মাত্ৰ ১লাখ ৫০ হাজাৰ মানুহ লৈ চৰকাৰে বৰ্ষপূতি পালন কৰিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *