নৱবৰ্ষৰ উপহাৰ! পুনৰ প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ এ পি ডি চি এলৰ…

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ।

পুনৰ বৃদ্ধি কৰা হ’ব বিদ্যুৎ মাছুল।

প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে এ পি ডি চি এলে।

জানিব পৰা মতে এ পি ডি চি এলে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ।

এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এ পি ডি চি এলে।

এ পি ডি চি এলে গ্রাহকক উন্নত সেৱা প্রদান কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰিছে বুলিও প্ৰকাশ কৰিছে।