শোকাৱহ! চিকিৎসালয়ত চিকিৎসা কৰি ঘৰলৈ ওভতাৰ পথত এম্বুলেন্স দুৰ্ঘটনাত কৰুণ মৃত্যু ৰোগীৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

চিকিৎসালয়ত চিকিৎসা কৰি ঘৰলৈ ওভতাৰ পথত এম্বুলেন্স দুৰ্ঘটনাত কৰুণ মৃত্যু ৰোগীৰ।

এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ বালাচোৰত।

জানিব পৰা মতে, কিডনী ৰোগত আক্ৰান্ত পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ নিৱাসী ইদ্ৰিছ খান নামৰ ৰোগীজনে ভুৱনেশ্বৰ এইমছত চিকিৎসা কৰি মঙলবাৰে পুৱা ঘৰলৈ উভতিছিল।

কিন্তু জলেশ্বৰপুৰ থানা এলেকাৰ ৬০ ৰাষ্ট্ৰীয় ঘাইপথত এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে।

দুৰ্ঘটনাত ৰোগীজনৰ পৰিয়াল আৰু চালকসহ এম্বুলেন্সখনত থকা ৭জন লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে ৰোগী ইদ্ৰিছ খানক মৃত ঘোষণা কৰে।