মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই…

ৰাজ্যত বৰ্তমানেও সাম কটা নাই ভয়াৱহ বান পৰিস্থিতিৰ।

ইয়াৰ মাজতে অভয়াপুৰীৰ বৰজানত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

বাঢ়নী পানীত পৰি সলিল সমাধি ঘটিল এগৰাকী কিশোৰীৰ, এগৰাকীক জীৱন্তে উদ্ধাৰ।

কৰুণ মৃত্যুক সাৱটিলে ৰীলছ বনাই জনপ্ৰিয় হৈ পৰা নাছৰিন মুছফিৰা।

image 36
মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই... 4

ছ’চিয়েল মিডিয়াত ৰীল বনাই অধিক জনপ্ৰিয় হৈ পৰিছিল নাছৰিন।

আনহাতে আনগৰাকী কিশোৰী হৈছে ৰফিকা।

ৰফিকাক স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও প্ৰায় দুই ঘণ্টা পিছতহে উদ্ধাৰ হয় নাছৰিন।

লগে লগে নাছৰিনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে।

image 37
মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই... 5

দুয়োগৰাকী কিশোৰী আছিল সপ্তম শ্ৰেণীৰ ছাত্ৰী।

জনপ্ৰিয় নাছৰিনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে বৰজান অঞ্চলত।

উল্লেখ্য যে, পুৱাই টিউচন কৰিবলৈ ঘৰৰ পৰা উলাই গৈছিল দুই কিশোৰী। কিন্তু টিউশনৰ পৰা উভতি অহাৰ পথত নদীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় দুয়োকে।

যাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

মৃত্যুৰ সময়ত নাছৰিনৰ বয়স আছিল ১১ বছৰ ৬ মাহ।

লগতে চাওকঃ

সোণালী শৈশৱঃ এটা ছাটিৰ তলত সোমাই বিদ্যালয়লৈ খোজ ৬ শিশুৰ, ভিডিঅ’ দেখি আপুনিও হৈ পৰিব নষ্টালজিক

eta sati
মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই... 6

1 thought on “মৰ্মান্তিক! ৰীলছ বনাই জনপ্ৰিয়তা লাভ কৰা নাছৰিন মুছফিৰাত আৰু নাই…”

Comments are closed.