অসম

ব্যক্তিগত লাভালাভৰ বাবে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ৰিপুন বৰাইঃ দেৱব্ৰত শইকীয়া…

কংগ্ৰেছ এৰি মমতাৰ সংগী হ’ল ৰিপুন বৰা।

দেওবাৰে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই।

প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ তুলি দেওবাৰে কলকাতাত তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছে বৰাই। 

তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা অভিষেক বেনাৰ্জীয়ে এক টুইটযোগে দেওবাৰে বিয়লি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছ যোগদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷

দেৱব্ৰত শইকীয়াই কয়- ৰিপুণ বৰাই নেতৃত্ব দিয়া দলটো আজি ত্যাগ কৰিছে৷ এই সিদ্ধান্ত তেওঁ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে লৈছে৷ কংগ্ৰেছ দলে ৰিপুণ বৰাক সকলো দিছিল৷ তেওঁ আচলতে দলীয় স্বাৰ্থৰ বাবে কাম কৰা নাছিল, ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনীতি কৰিছিল, সেইকাৰণে তেওঁ দল ত্যাগ কৰিছে৷ ৰিপুণ বৰা আচলতে বুদ্ধিভ্ৰষ্ট হৈছে, সেই কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে৷

দলে ৰিপুন বৰাক বহুতো সুবিধা দিছিল। প্ৰশাসনিক পদৰ পৰা পদত্যাগ কৰাৰ পিছত ‘৯৬ চনত দলে তেওঁক প্ৰাৰ্থীত্ব আগবঢ়াইছিল। তাৰ পিছত সংসদীয় ৰাজনীতি। ইমানখিনিৰ পিছতো দলক এৰি যোৱাটো দুৰ্ভাগ্যজনক- দেৱব্ৰত শইকীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *