অসমীয়াঅসম

দুঃখবৰ! জ্যেষ্ঠ অধিবক্তা বিমল কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান…

নিউজ ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিমল কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান।

মঙলবাৰে মহানগৰীৰ নাৰিকলবস্তিস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অধিবক্তাগৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ।

কিছুদিন ধৰি দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

ইহসংসাৰত পৰিবাৰসহ দুই পুত্ৰ আৰু এগৰাকী বোৱাৰী এৰি থৈ গৈছে বিমলকুমাৰ ভট্টাচাৰ্যই।