মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত ব্যতিক্ৰমী প্ৰতিবাদ, কেঁচা বেঙেনা খালে এইগৰাকী সাংসদে…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা দেখুৱাইছে সাধাৰণ জনতাক।

প্ৰতিদিনে বৃদ্ধি পাইছে ইটোৰ পিছত সিটো নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিবাদো সাব্যস্ত কৰি আহিছে।

তাৰ মাজতে এইবাৰ সংসদৰ মজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে এগৰাকী সাংসদে।

সদনত সকলোৰে সন্মুখত কেঁচা বেঙেনা খাই প্ৰতিবাদ সাংসদৰ।

image 14
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত ব্যতিক্ৰমী প্ৰতিবাদ, কেঁচা বেঙেনা খালে এইগৰাকী সাংসদে... 2

পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ কাকোলি ঘোষে কৰিছে এই অভিনৱ প্ৰতিবাদ।

মূল্যবৃদ্ধি সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতেই এনেদৰে বেঙেনা খোৱা দেখা যায় সাংসদ গৰাকীক।

সাংসদগৰাকীয় কয়- দেশত ইমানেই মূল্যবৃদ্ধি হৈছে যে কেঁচাই কেঁচাই বস্তু খাব লাগবি। আমি কেঁচাই খাম।

এনেদৰে কৈয়ে তেওঁ কেঁচা বেঙেনা খাবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে, বৰ্তমান সদনত চলি আছে বৰ্ষাকালীন অধিৱেশন।