নিউজ ডেস্কঃ বিয়াৰ পৰা উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে নগাঁৱৰ দিপু লিগিৰাই।
নগাঁও জিলাৰ উত্তৰ হয়ৰবৰগাঁও লিগিৰা চুবুৰীৰ নিৱাসী সৰবৰহী যুৱক দিপু লিগিৰা (৪৪)ৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
উল্লেখ্য যে, যোৱা ২ ডিচেম্বৰত চামগুৰিলৈ সপত্নীক এখন বিয়ালৈ গৈছিল দিপু লিগিৰা।
সেই বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় যুৱকজন।
পিছত তেওঁক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
হাস্পতালতে জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে দিপু লিগিৰাই।
আনহাতে, উক্ত দুৰ্ঘটনাত তেওঁৰ পত্নীও আঘাতপ্ৰাপ্ত হয় যদিও সম্প্ৰতি তেওঁ বিপদমুক্ত বুলি জানিব পৰা গৈছে৷









