নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ কলেজীয়া ছাত্ৰই।
শুকুৰবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ নাছিক জিলাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।
জানিব পৰা মতে, নাছিকৰ কে টি এইছ এম কলেজৰ ৮ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে শুকুৰবাৰে সন্ধিয়া সংগমনেৰত এখন বিবাহ অনুষ্ঠানত লৈ উভতি আহিছিল।
ছাত্ৰ-ছাত্ৰীৰ দলটোৱে সন্ধিয়া উভতি অহাৰ পথথে ছিন্নাৰৰ সমীপৰ মহাদাৰী ঘাটৰ নাছিক-পুনে ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আন দুখন বাহনত খুন্দা মাৰি পথৰ ওপৰত লুটি খাই পৰে।
এই দুৰ্ঘটনাত বাহনখনত থকা ৫ জন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে।
ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুখন বাহনত থকা ৪ জন যাত্ৰীও।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।
নিহত ছাত্ৰ কেইজনৰ আটাই কেইজনৰ বয়স ১০-২০ বছৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে। অৱশ্যে নিহত সকলৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।









