নিউজ ডেস্কঃ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত।
নিহত ছাত্ৰজনৰ পৰিচয় ডিকচন পানমেই বুলি জানিব পৰা গৈছে। এছএমচিএইছৰ এমবিবিএছৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত আছিল নিহত ছাত্ৰজন।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বাইক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় চিকিৎসা বিজ্ঞানৰ ছাত্ৰগৰাকীয়ে।

তেওঁ আৰু আন এজন বন্ধুৱে বাইক চলাই থকা সময়তে পুৱা প্ৰায় ৩.৩০ বজাত দুয়োজন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাৰ ফলত মূৰত আঘাত পায় ডিকচন পানমেইয়ে।
আনহাতে এই দুৰ্ঘটনাত এলভিন নামৰ আনজন ছাত্ৰও আহত হয়। বৰ্তমান চিকিৎসাধীন হৈ আছে আহত ছাত্ৰজন।
জানিব পৰা মতে, নিহত ডিকচন পানমেই শিলচৰৰ শিৱলিক পাৰ্কৰ বাসিন্দা। ছাত্ৰজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।









