অসমীয়াঅসম

‘ডিভাইডাৰ পূজা’ক ইতিকিং! সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ বাবেই গ্ৰেপ্তাৰ অসমৰ তৃণমূল কংগ্ৰেছৰ নেতা…

নিউজ ডেস্কঃ পথৰ ওপৰত বিধায়কৰ ‘ডিভাইডাৰ পূজা’। শাসকীয় দলৰ বিধায়কে নিজে সামাজিক মাধ্যমত আপলোড কৰা ডিভাইডাৰ পূজাৰ এখন ফটো শ্বেয়াৰ কৰাৰ অপৰাধতেই কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন তৃণমূল কংগ্ৰেছৰ কৰ্মীক।

অৱশ্যে গ্ৰেপ্তাৰৰ পিছত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত বুধবাৰে আৰক্ষীয়ে মুকলি কৰি দিয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীজনক।

photo1666260654

এনে এক আজৱ ঘটনা সংঘটিত হৈছে শিলচৰত।

উল্লেখ্য যে, দূৰ্গা পূজাৰ প্ৰাকক্ষণত শিলচৰ চহৰৰ বিভিন্ন স্থানত যান জঁট নিয়ন্ত্ৰণৰ বাবে ডিভাইডাৰ স্থাপন কৰা হৈছে।

photo1666260735

এই ডিভাইডাৰ সমূহ স্থাপনৰ সময়ত সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা আগবঢ়াইছিল শিলচৰৰ বিজেপি বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে।

পথৰ ওপৰত স্থাপন কৰা ডিভাইডাৰতো বিধায়কগৰাকীয়ে আগবঢ়োৱা পূজাৰ এখন ফটো ৩ অক্টোবৰত তেওঁ নিজেই সামাজিক মাধ্যমত পোষ্ট কৰে।

photo1666260769

ইয়াৰ পিছতে এই ফটোখন ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।

বিধায়কগৰাকীয়ে পোষ্ট কৰা এই ফটোখন শ্বেয়াৰ কৰে শিলচৰৰ তৃণমূল কংগ্ৰেছৰ নেতা দীপজয় পালেও।

photo1666260883

আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে ‘অপমানসূচক মন্তব্য আৰু ধৰ্মীয় বিশ্বাসক অপমান কৰা’ৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে মালুগ্ৰামৰ বিজেপি কৰ্মী কাঞ্চন দেৱ আৰু নিউ কাঞ্চনপুৰৰ মৃণাল দাসে।

ইয়াৰ পিছতে মঙলবাৰে নিশা কাছাৰ আৰক্ষীয়ে তাৰাপুৰ টিভি চেণ্টাৰ ৰোডস্থিত দীপজয় পালৰ বাসগৃহত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে।

photo1666260917

অৱশ্যে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে বুধবাৰে বিয়লি তেওঁৰ সন্মুখত কেইটামান চৰ্ত ৰাখি অৱশেষত মুকলি কৰি দিয়ে।