শোকাবহ! শিক্ষক সন্থাৰ সাধাৰণ সভাৰ মাজতে আকস্মিকভাৱে ঢলি পৰিল ধুবুৰীৰ এগৰাকী শিক্ষক, মৃত্যু

নিউজ ডেস্কঃ চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত হৈও দৰমহা লাভ নকৰা শিক্ষক সন্থাৰ সধাৰণ সভাৰ মাজতে ঘটিল এক এক শোকাবহ ঘটনা।

চানমাৰীস্থিত শিক্ষক ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা শিক্ষক সন্থাৰ সাধাৰণ সভাৰ মাজতে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে।

নিহত শিক্ষকগৰাকীৰ পৰিচয় ধুবুৰীৰ ইমদাদুল হক (৫০) বুলি জানিব পৰা গৈছে।

ধুবুৰীৰ বিলাসীপাৰাৰ টুলুপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল ইমদাদুল হক।

জানিব পৰা মতে, বিয়লি প্ৰায় ২.৩০ বজাত তেওঁ সভাত ভাষণ প্ৰদান কৰাৰ পিছতে আকস্মিকভাৱে ঢলি পৰে।

লগে শিক্ষকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে হায়াট হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্তু হায়াট হাস্পতালত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

উল্লেখ্য যে, চৰকাৰীভাৱে নিযুক্ত হৈও বিভিন্ন অজুহাতত এই শিক্ষকসকলে লাভ নকৰে দৰমহা।

এনে পৰিপ্ৰেক্ষিততে বৃহস্পতিবাৰে চাকৰি নিয়মীয়াকৰণৰ লগতে আন বিভিন্ন দাবীৰ সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হৈছিল এই সভাখন।

কিন্তু সভাৰ মাজতে শিক্ষক ইমদাদুল হকৰ আকস্মিক বিয়োগে সকলোকে শোকস্তব্ধ কৰি ৰাখিছে।