ভয়ংকৰ পথ দুৰ্ঘটনা! তিনিখনকৈ ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত থিতাতে নিহত দুজন, আহত কেইবাজনো…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তিনিখনকৈ ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত থিতাতে নিহত দুজন লোক।

বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

তিনিখন ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ মুখামুখি সংঘৰ্ষ।

সংঘৰ্ষত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।

নিহত লোক দুজন ট্ৰাকৰ চালক আৰু হেণ্ডিমেন বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাককেইখনৰ নম্বৰ WB 57 C 8685, AS 17B 9954 আৰু AS01N C2230।

ঘন কুঁৱলীৰ ফলতে দুৰ্ঘটনাটো সংঘটিতত হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰামতে, গুৱাহাটীৰ পৰা ধুবুৰী আৰু ধুবুৰীৰ পৰা গুৱাহাটী অভমুখি আছিল তিনিওখন ট্ৰাক।