শোকাবহ! লক্ষ্মী পূজাৰ কৰ্তব্য সম্পাদন কৰি ওভতাৰ পথতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰীৰ

নিউজ ডেস্কঃ লক্ষ্মীপূজাত কৰ্তব্য সম্পাদন কৰি থানালৈ ওভতাৰ সময়তে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ এগৰাকী মহিলা গৃহৰক্ষী জোৱানৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে চিৰাং জিলাৰ কাজলগাঁৱত।

জানিব পৰা মতে, সোমবাৰে কাজলগাঁও সাৰ্বজনীন লক্ষ্মী পূজা মেলাত কৰ্তব্য সম্পাদন কৰি থানালৈ উভতি অহাৰ সময়তে কাজলগাঁৱৰ উৰণীয়া সেতুৰ তলত পথৰ ওপৰতে হঠাৎ ঢলি পৰে মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিয়া বসুমতাৰী (৩৫)।

photo1665564962
শোকাবহ! লক্ষ্মী পূজাৰ কৰ্তব্য সম্পাদন কৰি ওভতাৰ পথতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰীৰ 4

ধাৰাসাৰ বৰষুণৰ মাজত বাগৰি পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱা মহিলা গৃহৰক্ষী জোৱানগৰাকীক লগে লগে কাজলগাৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হয়।

কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত অৱশেষত নিশাৰ ভিতদৰতে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে পুৱা শেষ নিশ্বাস ত্যাগ কৰে মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰীয়ে।

photo1665564997
শোকাবহ! লক্ষ্মী পূজাৰ কৰ্তব্য সম্পাদন কৰি ওভতাৰ পথতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰীৰ 5

ইফালে জোৱানগৰাকীৰ মৃত্যুৰ পিছত মঙলবাৰে তেওঁৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ পিছত ঢালিগাঁও থানা চৌহদলৈ লৈ আনে।

তাত ৰঞ্জিতা বসুমতাৰীৰ নশ্ৰ দেহত আৰক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়ে।

photo1665564997 1
শোকাবহ! লক্ষ্মী পূজাৰ কৰ্তব্য সম্পাদন কৰি ওভতাৰ পথতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু মহিলা গৃহৰক্ষী জোৱান ৰঞ্জিতা বসুমতাৰীৰ 6

অবিবাহিত মহিলা গৃহৰক্ষী জোৱানগৰাকীৰ মৃত্যুৰ বাতৰিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে তেওঁৰ জন্মভূমি চিৰাঙৰ কাশীকোত্ৰাত।