শোকাবহ! ঘৰৰ বাৰীত পানীলাও চিগিবলৈ যাওতেই বিষাক্ত সাপৰ দংশনত মৃত্যু ৩ সন্তানৰ পিতৃৰ, দিকহাৰা পৰিয়াল

নিউজ ডেস্কঃ ঘৰৰ বাৰীত পানীলাও আনিবলৈ গৈ সৰ্প দংশনত এগৰাকী ব্যক্তিৰ মৃত্যু ঘটাক লৈ শোকৰ ছাঁ পৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আলাগুৰিত।

জানিব পৰা মতে, মঙলবাৰে পুৱা আওলাগুৰুৰ দীনেশ দাস নামৰ লোকজনে ঘৰৰ বাৰীত লাগি থকা পানীলাও চিগিবলৈ যাওতেই তেওঁক বিষাক্ত সাপে দংশন কৰে।

ব্যক্তিজনক সাপে খুঁটাৰ পিছত প্ৰথমে বেজৰ চিকিৎসা লয় যদিও পিছত একাংশ লোকৰ বুজনিত তেওঁক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

photo1665564723
শোকাবহ! ঘৰৰ বাৰীত পানীলাও চিগিবলৈ যাওতেই বিষাক্ত সাপৰ দংশনত মৃত্যু ৩ সন্তানৰ পিতৃৰ, দিকহাৰা পৰিয়াল 2

কিন্তু হাস্পতালত পোৱাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে দীনেশ দাস নামৰ ব্যক্তিজনক।

তিনি সন্তানৰ পিতৃ, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জনৰ এনে আকস্মিক মৃত্যুত দিকহাৰা হৈ পৰিছে এতিয়া পৰিয়াল। সমান্তৰালভাৱে এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়।