শোকাবহ! বাৰীৰ পিছফালে গছ কাটি থকা চাই থাকোতেই গাৰ ওপৰত কটা গছ পৰি মৃত্যু মুনাইৰ

নিউজ ডেস্কঃ বাৰীৰ পিছফালে গছ কাটি থকা চাই থাকোতেই কটা গছ গাৰ ওপৰত পৰি মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন ব্যক্তিয়ে।

বৃহস্পতিবাৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গহপুৰৰ হেলেমৰ চন্দামাৰীত।

জানিব পৰা মতে, চন্দামাৰীৰ ৰাজেন চিকদাৰ নামৰ ব্যক্তিজনৰ ঘৰৰ পিছফালে বৃহস্পতিবাৰে গছ কাটি আছিল কেইজনমান শ্ৰমিকে।

সেই সময়ত ৰাজেন চিকদাৰৰ ঘৰলৈ অহা মিছামাৰীৰ মুনাই গোৱালাইও কাষতে ঠিয় হৈ চাই আছিল গছ কটা।

কিন্তু দুৰ্ভাগ্যক্ৰমে কটা গছডাল মুনাইৰ গাৰ ওপৰত পৰাত থিতাতে মৃত্যু ঘটে ব্যক্তিজনৰ।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এনেদৰে দুৰ্ভাগ্যজনকভাৱে এজন ব্যক্তিৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।