দুঃখবৰ! জ্যেষ্ঠ সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ দেহাৱসান

নিউজ ডেস্কঃ অৱশেষত শেষ নিশ্বাস ত্যাগ বিশিষ্ট সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ।

নেমকেয়াৰ হাস্পতালত বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

বিগত এসপ্তাহ ধৰি নেমকেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল শিৱনাথ বৰ্মন।

হৃদৰোগৰ সমস্যাৰ লগতে মধুমেহ, হাওঁফাও আদি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ।

ইতিমধ্যেই বিশিষ্ট সাংবাদিকগৰাকীৰ স্বাস্থ্য সংকটজনক বুলি জানিবলৈ দিছিল হাস্পতালৰ চিকিৎসকে।

১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল শিৱনাথ বৰ্মনে।

সুদীৰ্ঘ ৮ বছৰ তেওঁ এসময়ৰ জনপ্ৰিয় বাতৰি কাকত জনসাধাৰণৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

২০২২ চনত এইগৰাকী বিশিষ্ট সাংবাদিক, শিক্ষাবিদক ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা প্ৰদান কৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে।

একেটা বৰ্ষত অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰেও সন্মানিত কৰা হয় শিৱনাথ বৰ্মনক।

একেৰাহে এগৰাকী সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মনৰ দেহাৱসানত শোকস্তব্ধ ৰাজ্যবাসী।