শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই শ্বাসৰুদ্ধ হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰ যশৰ…

নিউজ ডেস্কঃ বাথৰুমৰ ভিতৰত গা ধুবলৈ সোমোৱাৰ পৰত গিজাৰ লিক হোৱাৰ ফলত শ্বাহৰুদ্ধ হৈ মৃত্যু ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এৰাণ্ডোল চহৰৰ ৰেনুকা নগৰত।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৰেনুকা নগৰ অঞ্চলৰ নিৱাসী শিক্ষক বাসুদেৱ ত্ৰিম্বক পাটিলৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ যশে (১৬) মঙলবাৰে পুৱা প্ৰায় ১০ বজাত নিজৰ ঘৰৰ বাথৰুমত গা ধুবলৈ সোমাইছিল।

কিন্তু পুত্ৰ বহুসময় ধৰি বাথৰুমৰ পৰা ওলাই নাহত পিতৃয়ে মাত লগায় যদিও কোনো প্ৰত্যুত্তৰ লাভ নকৰাত পৰিয়ালৰ লোকে বাথৰুমৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰে।

পৰিয়ালৰ লোকে যশক বাথৰুমৰ মজিয়াত অচেতন হৈ পৰি থকা দেখি লগে লগে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে যশৰ।

মেধাৱী ছাত্ৰজনৰ এনে আকস্মিক মৃত্যুক লৈ শোকত ভাগি পৰিছে পিতৃ-মাতৃ তথা পৰিয়াল।