অন্য জাতিৰ লোকৰ সৈতে বিয়া হোৱা বাবেই পিতৃয়ে গুলীয়াই হত্যা কৰিলে নিজ কন্যাক…

অন্য জাতিৰ লোকৰ সৈতে বিয়া হোৱা বাবেই পিতৃয়ে গুলীয়াই হত্যা কৰিলে নিজ কন্যাক।

ৰাজধানী দিল্লীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

আয়ুষী চৌধুৰী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীক নিজ পিতৃয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অন্য জাতিৰ ল’ৰাৰ লগত বিয়া হোৱা বাবেই পিতৃ নিতিশে এই ভয়ংকৰ ঘটনা সংঘটিত কৰা বুলি খবৰ প্ৰকাশ পাইছে।

আৰক্ষীৰ জেৰাত নিতেশে কয়- আয়ুষীয়ে তেওঁক নোকোৱাকৈ কিছু দিনৰ বাবে বাহিৰলৈ গৈছিল আৰু তাৰ পিছত তাই পৰিয়ালক নোকোৱাকৈ অন্যা জাতিৰ ছত্ৰপাল নামৰ এজন লোকক বিয়া কৰাইছিল।

উল্লেখ্য যে, যোৱা সপ্তাহত উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ ওচৰত এটা চুটকেচৰ ভিতৰত আয়ুচীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই আয়ুষীৰ পৰিচয় উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, চিনাক্তকৰণৰ পিছত অভিভাৱকক গ্ৰেপ্তাৰ কৰা হয়।