শোকাবহ! বাগিচাত কাম কৰিবলৈ যোৱাৰ পৰতে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰিল গাৰ ওপৰত, যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ বাগিচাত কাম কৰিবলৈ যোৱাৰ পৰতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ গাৰ ওপৰত ছিগি পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাইলাকান্দিৰ পাগলাছড়া চাহ বাগিচাত।

এই ঘটনাত নিহত হয় এটা পশুধনৰো।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটা যুৱকজনৰ পৰিচয় ৰাজেশ কাহাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ৰাজেশ কাহাৰে চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ সময়তে ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি তেওঁৰ গাৰ ওপৰত পৰে।

যাৰ ফলতে এটা পশুধনৰ লগতে থিতাতে মৃত্যু ঘটে যুৱকজনৰ।

অসম বিদ্যুৎ পৰিবহন নিগমৰ ভুলৰ বাবেই যুৱকজনৰ এনে অকাল মৃত্যু ঘটা বুলি অভিযোগ কৰিছে স্থানীয় লোকে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ৰাজেশৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।