চাঞ্চল্যকৰ! ঘৰৰ পৰা শিক্ষাস্থলীলৈ ওলাই অহাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন মেধাৱী ছাত্ৰ ত্ৰিদীপ, খানাপাৰাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ বেগটো…

নিউজ ডেস্কঃ ঘৰৰ পৰা নগাঁৱৰ শিক্ষানুষ্ঠানলৈ বুলি ওলাই অহাৰ পিছতে মহানগৰীত এগৰাকী ছাত্ৰ সন্ধানহীন হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

মঙলদৈৰ কিশোৰ ছাত্ৰজনে নগাঁৱলৈ যাবলৈ বুলি খানাপাৰত গাড়ীত উঠাৰ পূৰ্বে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাত হাহাকাৰ লাগিছে পৰিয়ালত।

আনহাতে সন্ধিয়া খানাপাৰাত সন্ধিয়া এখন দোকানৰ সন্মুখত কিশোৰজনৰ বেগটো পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাইও সৃষ্টি কৰিছে ৰহস্যৰ।

জানিব পৰা মতে, দৰং জিলাৰ মঙলদৈ সদৰ থানাৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়ত এলেকাৰ কমাৰপাৰা গাঁৱৰ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান জয়ন্ত কলিতা আৰু ভাগ্য কলিতাৰ প্ৰথম পুত্ৰ তথা নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ত্ৰিদীপ কলিতাই শনিবাৰে সন্ধিয়া নগাঁৱলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল।

খানাপাৰাত কিশোৰজনে গাড়ীৰ পৰা নমাৰ পিছতে মাতৃলৈ ফোন কৰে আৰু অলপ পিছতে নগাঁৱলৈ যোৱা গাড়ীত উঠিব বুলি জনায়।

কিন্তু তাৰ পিছতে ছাত্ৰজনৰ মোবাইল ফোন ছুইটছ অফ অহাত চিন্তিত হৈ পৰা পিতৃ-মাতৃয়ে বন্ধু-বান্ধৱীৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।

অন্যহাতে শনিবাৰে নিশাই মঙলদৈ সদৰ থানাত ছাত্ৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰে পৰিয়ালে।

ইপিনে একেদিনাই খানাপাৰাৰ স্থানীয় লোকে এখন দোকানৰ সন্মুখত পৰি থকা অৱস্থাত ছাত্ৰজনৰ বেগটো উদ্ধাৰ কৰি আৰক্ষীক জমা দিয়ে।

পুত্ৰৰ চিন্তাত গোটেই নিশা উজাগৰে থকা পিতৃ-মাতৃ আৰু পৰিয়ালে দেওবাৰে পুৱা দিছপুৰ থানালৈ গৈ পুত্ৰ সন্ধানহীন হোৱা সমস্ত ঘটনা অৱগত কৰে।

দিছপুৰ থানাই ছাত্ৰজনৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়াও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ত্ৰিদীপৰ।

সন্ধানহীন হোৱাৰ সময়ত ক’লা পেণ্ট, ছাৰ্ক ৰঙৰ ছুৱেটাৰ আৰু বগা জোতা পৰিধান কৰা ত্ৰিদীপৰ কোনোবাই সন্ধান পালে ৮৬৩৮৪-১৮০৯১, ১৫৭৭১-৩৫৭৩০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।