শোকাবহ! বাইকেৰে ঘৰলৈ ওভতাৰ পথতে বলেৰ’ বাহনৰ সৈতে সংঘৰ্ষ, ২ ভাতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ গোলাঘাটৰ মেৰাপানীত শোকাৱহ পথ দুৰ্ঘটনা।

বাইক আৰু বলেৰ’ বাহনৰ সংঘৰ্ষত মৃত্যু বাইক আৰোহী দুই ভাতৃৰ।

জানিব পৰা মতে, দুই ভাতৃয়ে সৰিয়হজানৰ পৰা এএছ ০৫এন ৯০৫১ নম্বৰৰ বাইকেৰে ঘৰলৈ ওভতাৰ পথতে এনএল ০৭চি ৫৮৯০ নম্বৰৰ বলেৰ’ বাহনখনৰ সৈতে সংঘৰ্ষ ঘটে।

দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে জামুগুৰিৰ লক্ষীবাৰীৰ দুই ভাতৃ ক্ৰমে প্ৰাণজিৎ বৰা আৰু বিজিত বৰাৰ।

ইফালে আন এটা দুৰ্ঘটনাত মৃত্যু হয় নোমল দৈমাৰী নামৰ এজন লোকৰ।