নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্রাসবাদীৰ হাতত চাৰিজন লোক নিহত হোৱাৰ এদিন পাছত সোমবাৰে একেখন জিলাতে নিহতসকলৰ এজনৰ ঘৰৰ সমীপত সংঘটিত হ’ল এক ভয়ংকৰ বিস্ফোৰণ।
এই বিস্ফোৰণত দুটি শিশুৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৬ জন লোক।
আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৰাজৌৰীৰ ডাংগ্ৰী গাঁৱত সংঘটিত হৈছিল এক নৃশংস কাণ্ড।
৩টা হিন্দু পৰিয়ালৰ ঘৰলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাত মৃত্যু ঘটিছিল ৪ জনকৈ লোকৰ। আনহাতে আহত হৈছিল ৯ জন।
ইয়াৰ পিছতে দেওবাৰে নিহত এজন ভুক্তভোগীৰ ঘৰৰ সমীপত সোমবাৰে সংঘটিত হয় বিস্ফোৰণৰ ঘটনা।
বিস্ফোৰণটোত নিহত হয় ক্ৰমে ৪ আৰুূ ৫ বছৰীয়া দুটি কণমানি।
ইফালে নিৰাপত্তা বাহিনীয়ে ৰাজৌৰী আক্ৰমণৰ সৈতে জড়িত সন্দেহযুক্ত সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ অতিৰিক্ত জোৱানক নিযুক্তি দি কৰ্ডন এণ্ড চাৰ্চ অভিযান তীব্ৰতৰ কৰি তুলিছে।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই আক্ৰমণক গৰিহণা দি দোষীক কঠোৰ শাস্তি বিহা হ’ব বুলি আশ্বাস দিয়ে।









