অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! বন্ধুৰ সৈতে কলেজলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু MBBSৰ ছাত্ৰীৰ…

নিউজ ডেস্কঃ পুৱা কলেজলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে।

মঙলবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ থিৰুৰকাডৰ ৰাষ্ট্ৰীয় ঘাইপথত।

নিহত ছাত্ৰীগৰাকীক আলাপ্পুজাৰ নিৱাসী আলফনছা (২২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, পেৰিন্থালমানাৰ এমইএছ একাডেমী অৱ মেডিকেল ছায়েন্সৰ এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল আলফনছা।

image 70

মঙলবাৰে পুৱা তেওঁ সহপাঠী অশ্বিন (২২)ৰ সৈতে বাইকেৰে কলেজলৈ গৈ থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথত আন এখন বাইকৰ সৈতে তেওঁলোকৰ মুখামুখি সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাৰ ফলত আলফনছাৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় অশ্বিন।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক কিমছ আলছিফা হাস্পতালত ভৰ্তি কৰোৱায়।