শোকাবহ! ফুটবল খেল চলি থকাৰ সময়তে পৰিল বজ্ৰপাত, খেলুৱৈসহ দুজনৰ মৃত্যু, আহত ২১ জন

নিউজ ডেস্ক। খেলপথাৰত ফুটবল খেল চলি থকাৰ সময়তে বজ্ৰপাত পৰি মৃত্যু ঘটিল দুজনকৈ লোকৰ।

এই ঘটনাত কম-বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় কমেও ২১ জন লোক।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সুন্দৰগড় জিলাত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সুন্দৰগড় জিলাৰ নুগাঁও ব্লকৰ অন্তৰ্গত বনেইলাটাত দেওবাৰে এখন স্থানীয় ফুটবল খেল চলি আছিল।

খেল চলি থকাৰ সময়ত আকাশ ডাৱৰীয়া আছিল যদিও বৰষুণ দিয়া নাছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

কিন্তু খেল চলি থকাৰ সময়তে হঠাৎ বজ্ৰপাত পৰি এজন খেলুৱৈ সহ খেল চাই থকা ২৩ জন লোক আহত হয়।

বজ্ৰপাতত আহত এজন খেলুৱৈ আৰু এজন দৰ্শকক সংকটজনক অৱস্থাত হাতীবাৰী কমিউনিটি হেল্থ চেণ্টাৰ (চি এইচ চি)লৈ নিয়া হয় যদিও দুয়োজনকে চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জনোৱা মতে, আহতসকলৰ ভিতৰত ১৭ জনক ৰৌৰকেলা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱাৰ বিপৰীতে বাকী চাৰিজন হাতীবাৰী চি এইচ চিত চিকিৎসাধীন হৈ আছে।