কাৰাবন্দী নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’ল বিধায়ক শ্বেৰমান আলী, তাৰ পিছত…

নিউজ ডেস্ক। আকৌ বিতৰ্কত বিধায়ক শ্বেৰমান আলী।

এইবাৰ কাৰাবন্দী PFI নেতাক সাক্ষাৎ কৰিবলৈ গৈ বিতৰ্কৰ সূত্ৰপাত ঘটনা কংগ্ৰেছৰ বিধায়কজনে।

বৰপেটাৰ কাৰাগাৰত আবদ্ধ হৈ থকা এজন PFI নেতাক সাক্ষাৎ কৰিবলৈ গৈছিল শ্বেৰমানে।

বিধায়কজনে কাৰাগাৰৰ ভিতৰত লগ কৰিবলৈ গৈছিল PFI নেতা আছিক ইকবালক।

sherman
কাৰাবন্দী নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’ল বিধায়ক শ্বেৰমান আলী, তাৰ পিছত… 2

উল্লেখ্য যে, বৰপেটাৰ আলুপটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ নেতাজনক।

কিন্তু শ্বেৰমান আলীক সাক্ষাৎৰ অনুমতি নিদিলে কাৰাগাৰৰ অধীক্ষকে।

দেওবাৰে কাৰাবন্দীক সাক্ষাতৰ অনুমতি নথকাৰ বাবেই দিয়া নহল শ্বেৰমান আলীকো অনুমতি।

কাৰাগাৰৰ ভিতৰত থকা নিষিদ্ধ ঘোষিত সংগঠনৰ এজন নেতাক বিধায়ক শ্বেৰমান আলীয়ে সাক্ষাৎ কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।