শোকাবহ! পৰীক্ষা দি উঠি সাগৰ তীৰলৈ ফুৰিবলৈ গৈ মৃত্যুক সাৱটিলে ৬ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই…

নিউজ ডেস্কঃ ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দি উঠি বন্ধুৰ সৈতে সাগৰ তীৰলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৬ গৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই। এই ঘটনাই শোকৰ বন্যা নমাইছে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত।

আৰক্ষীয়ে সদৰী কৰা মতে, অন্ধ্ৰ প্ৰদেশৰ অনকাপল্লী জিলাৰ এখন স্থানীয় ইঞ্জিনিয়াৰিং কলেজৰ ১৩ গৰাকী শিক্ষাৰ্থীয়ে শুকুৰবাৰে কলেজৰ পৰীক্ষা দি উঠি পুডিমাডাকাৰ ৰামবিলি মণ্ডলৰ সীতাপালম বীচলৈ গৈছিল।

শিক্ষাৰ্থী কেইজনৰ ৬ জনে বংগোপ সাগৰৰ পাৰত থিয় হৈ থকাৰ বিপৰীতে আন ৭ জনে পানী যুঁৱলিত নামি আনন্দ উল্লাস কৰি থকাৰ সময়তো এটা প্ৰচণ্ড ঢৌৱে উটুৱাই লৈ যায় ছাত্ৰ কেইজনক।

এই ঘটনা প্ৰত্যক্ষ কৰিয়েই স্থানীয় মাছমৰীয়া লগে লগে চুৰিছেট্টি তেজা নামৰ এজন ছাত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী ৬ জন সন্ধানহীন হৈ পৰে। আহত ছাত্ৰজনক পিছত বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফালে পৰৱৰ্তী সময়ত ক’ষ্ট গাৰ্ড আৰু মেৰিন আৰক্ষীয়ে অভিযান চলাই আন এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে শুকুৰবাৰে সন্ধিয়া। নিহত ছাত্ৰজনক নৰসিপটনামৰ জি পৱন সূৰ্য কুমাৰ (১৯) বুলি চিনাক্ত কৰা হয়।

কিন্তু তাৰ পিছতো নিৰুদ্দেশ হৈ থকা আন ৫ জন ছাত্ৰৰ সন্ধানত শনিবাৰে পুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰে নৌ সেনা, আৰক্ষী আৰু স্থানীয় মাছমৰীয়া সকলে।

দীৰ্ঘ সময় ধৰি সাগৰৰ বুকুত ছাত্ৰ কেইজনৰ সন্ধানত অভিযান চলোৱাৰ অন্তত অৱশেষত উদ্ধাৰ হয় আটাই কেইজন ছাত্ৰৰ মৃতদেহ।

নিহত ছাত্ৰ কেইজনৰ পৰিচয় পি গণেশ, কে জগদীশ, বি সতীশ কুমাৰ, ৰামচান্দু আৰু এছ যশৱন্ত কুমাৰ বুলি জানিব পৰা গৈছে।

আনহাতে এই শোকাবহ ঘটনা মহাবিদ্যালয় কৰ্তৃপক্ষৰ অমনোযগিতাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে নিহত ছাত্ৰ কেইজনৰ পৰিয়ালে। সাগৰ তীৰলৈ ফুৰিবলৈ গৈ ৬ জনকৈ ছাত্ৰৰ সলিল সমাধি ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যখনত।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়েও এই শোকাবহ ঘটনাত গভীৰ দুখ ব্যক্ত কৰি নিহত ছাত্ৰ কেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।