ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল বাহন, শিশুসহ আহত ৮জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল XUV বাহন।

দুৰ্ঘটনাটোৰ ফলত শিশুসহ ৮জনকৈ লোক আহত হৈছে।

জাগীৰোডৰ নেলীৰ বাগান গেটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এএছ ০৩ভি ৫৪৩৩ নম্বৰৰ XUV বাহনখন চিলঙৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

আহত সকল চিত্তৰঞ্জন বৰা, পূৰবী বৰা, ৰাখী বৰা, ৰিয়ান বৰা, অমৃতজ্যোতি বৰা, বিচিত্ৰ চাংমাই আৰু নম্ৰতা বৰা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনকে জিএমচিএইচলৈ প্ৰেৰণ কৰে।