অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! পাহাৰৰ পৰা বাগৰি পৰা প্ৰকাণ্ড শিলৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু, কেমেৰাত বন্দী লোমহৰ্ষক দৃশ্য

নিউজ ডেস্কঃ মৃত্যুৱে কাক কেতিয়া হাত বাউলি মাতে, তাত কোনো নিশ্চয়তা নাই। অভিনৱয়ো কল্পনা কৰা নাছিল তেওঁৰ মৃত্যু এনে কৰুণভাৱে হ’ব বুলি। বন্ধুৰ সৈতে বাইকেৰে গৈ থকা সময়ত পাহাৰৰ পৰা আকস্মিকভাৱে খহি পৰা এটা প্ৰকাণ্ড শিলৰ খুন্দাত প্ৰাণ হেৰুৱায় অভিনৱে।

আনহাতে অভিনৱৰ বাইকৰ পিছে পিছে আহি থকা আন এজন বন্ধুৰ কেমেৰাত বন্দী হয় এই দুৰ্ঘটনাৰ হৃদয় কঁপাই যোৱা ভিডিঅ’। সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

stone attaacke killed

এই শোকাবহ ঘটনা সংঘটিত হয় কেৰালাৰ থামাৰাছেৰীত। ১৬ এপ্ৰিলত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰ মতে, ৱায়ানাডলৈ বাইক ৰাইডিং কৰা এটা ৬ জনীয়া গোটৰ অংশ হিচাপে ২০ বছৰীয়া অভিনৱ আৰু ২১ বছৰীয়া অনীশেও এখন বাইকেৰে গৈ আছিল থামাৰাচেৰী ঘাট পথেৰে। বাইকখন চলাই আছিল অভিনৱে। আনহাতে পিছফালে বহি গৈছিল অনীশে।

ইফালে অভিনৱ আৰু অনীশৰ বাইকৰ পিছে পিছে আহি থকা আন এজন বন্ধুৱে তেওঁলোকৰ যাত্ৰাৰ ভিডিঅ’ বনাই আহি আছিল। আৰু তেতিয়াই অকস্মাত সংঘটিত হয় সেই হৃদয় বিদাৰক ঘটনা।

অভিষেক আৰু অনীশে এটা কেঁকুৰী ঘূৰাৰ পিছতে পাহাৰৰ পৰা বাগৰি অহা এটা শিলে চিধাই তেওঁলোকৰ বাইকত খুন্দা মাৰে। যাৰ ফলত দুয়োজন যুৱক পথৰ এফালে থকা পাহাৰৰ দাঁতিত চিটিকি পৰে।

এই দুৰ্ঘটনাত অভিনৱ আৰু অনীশ গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত দুয়োকে হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে অভিনৱৰ। ইফালে অনীশক সংকটজনক অৱস্থাত চিকিৎসাধীন কৰা হয়।

আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা শিলটো খহি পৰে আৰু এই দুৰ্ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *