পাইলটৰ চিগাৰেট আসক্তিৰ বাবে ঘটিল বিমান দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৬৬ জন যাত্ৰীয়ে!

নিউজ ডেস্কঃ ২০১৬ চনৰ মে’ মাহত সংঘটিত হৈছিল সেই ৰহস্যজনক বিমান দুৰ্ঘটনা। ফ্ৰান্সৰ পেৰিছ চাৰ্লছ ডি গল বিমান বন্দৰৰ পৰা ইজিপ্তৰ ৰাজধানী কায়ৰোলৈ উৰা মৰা এয়াৰবাছ এ৩২০ বিমানখন ৰহস্যজনকভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ভূমধ্য সাগৰত। যাৰ ফলত বিমানখনৰ ভিতৰত থকা ৬৬ জন যাত্ৰীৰ মৃত্যু ঘটিছিল।

সেই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ সময়ত প্ৰাণ হেৰুৱাইছিল এজন বৃটিছ, ১২ জন ফৰাচী পৰ্যটক, ৩০ জন ইজিপ্তিয়ান, দুজন ইৰাকী আৰু কানাডিয়ান নাগৰিকে।

piolot
পাইলটৰ চিগাৰেট আসক্তিৰ বাবে ঘটিল বিমান দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৬৬ জন যাত্ৰীয়ে! 3

ভয়াবহ বিমান দুৰ্ঘটনাটোৰ ৬ বছৰ পিছত এতিয়া খোল খাইছে ৰহস্যৰ। অনুসন্ধানত পোহৰলৈ অহাৰ বাবে সেইদিনা বিমান পাইলটে বিমানৰ ভিতৰত চিগাৰেট সেৱন কৰাৰ বাবেই সংঘটিত হৈছিল ভয়াবহ দুৰ্ঘটনা।

অনুসন্ধানত প্ৰকাশ পোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত বিমানৰ জৰুৰীকালীন মাস্কৰ পৰা অক্সিজেন নিৰ্গত হৈ আছিল। আৰু সেই সময়তে পাইলটে চিগাৰেট জ্বলোৱাত গোটেই বিমানখন অগ্নিপিণ্ডৰ ৰূপ লয়।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত, দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ ব্লেক বক্সৰ বাবে এটা ডাঙৰ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল আৰু অৱশেষত ব্লেক বক্সটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ হাতত পৰে।

Pilot Smoking In Cockpit Caused Nepal US-Bangla Plane Crash - कॉकपिट में  सिगरेट पी रहा था पायलट, इस वजह से क्रैश हुआ यूएस-बांग्‍ला विमान, मारे गए थे  51 लोग
পাইলটৰ চিগাৰেট আসক্তিৰ বাবে ঘটিল বিমান দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৬৬ জন যাত্ৰীয়ে! 4

সেই সময়ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকা বুলি ইজিপ্তে দাবী কৰিলেও এতিয়া পোহৰলৈ আহিছে প্ৰকৃত সত্য।

ব্লেক বক্সৰ পৰা লাভ কৰা তথ্যত এই কথা স্পষ্ট হৈ পৰিছে বিমানখনৰ পাইলট মহম্মদ ছাইদ আলী শৌকাইৰে বিমানৰ ভিতৰতে ধুম্ৰপান কৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।

বিমান বিশেষজ্ঞসকলৰ ১৩৪ পৃষ্ঠাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পাইলটজনে সাধাৰণতে ককপিটত চিগাৰেট সেৱন কৰিছিল। বিশেষ কথাটো হ’ল যে ২০১৬ চনৰ দুৰ্ঘটনাৰ সময়ত, বিমানখনত চিগাৰেট সেৱন নিষিদ্ধ কৰা হোৱা নাছিল।

উল্লেখ্য যে, এই যাত্ৰীবাহী বিমানখন ২০১৬ চনৰ ১৯ মে’ৰ পুৱা ২.২৫ বজাত দুৰ্ঘটনাত পতিত হৈছিল। যাৰ ফলত আটাইকেইজন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ মৃত্যু ঘটিছিল।

Leave a Comment