শোকাবহ! পথত পৰি থকা ডিটনেটৰ কৌতুহলবশতঃ ঘৰলৈ অনাৰ পিছতে সংঘটিত হ’ল বিস্ফোৰণ, চিৰদিনৰ বাবে ঘূণীয়া হ’ল এগৰাকী ছাত্ৰী…

নিউজ ডেস্কঃ শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত চাঞ্চল্যকৰ ঘটনা।

ভালুকপুঙৰ বাণ্ডুগুৰি গাঁৱত ডিটনেটৰ বিস্ফোৰণ ঘটি গুৰুতৰভাৱে আহত এগৰাকী ছাত্ৰী।

আহত ছাত্ৰীগৰাকী গাঁওখনৰ ৰশ্মি বসুমতাৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে স্কুলৰ পৰা ঘৰলৈ ওভতাৰ পথত ভালুকপুং ৰে’লৱে ষ্টেচনৰ সমীপত পথৰ দাঁতিত এটা ডিটনেটৰ পৰি থকা দেখিছিল।

ছাত্ৰীগৰাকীয়ে কৌতুহলবশতঃ ডিটনেটৰটো বুটলি ঘৰলৈ লৈ আনে।

ৰশ্মি ঘৰলৈ অহাৰ কিছু সময়ৰ পিছতে ডিটনেটৰটো বিস্ফোৰণ ঘটাত গুৰুতৰভাৱে আহত হয় ছাত্ৰীগৰাকী।

বিস্ফোৰণৰ ফলত ৰশ্মিৰ এখন হাত ছিগি যোৱাৰ লগতে এটা চকু সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱা বুলি জানিব পৰা গৈছে।

লগে লগে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে আৰু ছাত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিচত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত শোণিতপুৰ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।