চাঞ্চল্যকৰ! নকল কৰাৰ অভিযোগত পৰীক্ষা গৃহৰ পৰা নিৰীক্ষকে উলিয়াই দিয়াৰ পিছতে চৰম সিদ্ধান্ত এগৰাকী ছাত্ৰীৰ…

নিউজ ডেস্কঃ ৰঙিয়াত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

নিজ ঘৰৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ স্নাতকৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ।

ছাত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত দ্বিজেন ডেকা নামৰ এগৰাকী পৰীক্ষা নিৰীক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

জানিব পৰা মতে, IDOLৰ অধীনত ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল স্নাতক আৰু স্নাতকোত্তৰৰ পৰীক্ষা।

কিন্তু এই পৰীক্ষাৰ সময়ত নকল কৰাৰ অভিযোগত স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী অনিষা কলিতাক পৰীক্ষা গৃহৰ পৰা বাহিৰ কৰি দিলে নিৰীক্ষক দ্বিজেন ডেকাই।

ইয়াৰ পিছতে ৰঙিয়া তিনিআলিস্থিত নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰী অনিষা কলিতাই।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিনা দোষতে ছাত্ৰীগৰাকীক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে।

পৰীক্ষা গৃহৰ পৰা উলিয়াই দিয়াৰ বাবেই মানসিক চাপত ভুগি ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ পৰিয়ালৰ।

যাৰ বাবে পৰীক্ষা নিৰীক্ষক দ্বিজেন ডেকাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।