শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই ৬০০ ফুট দ খাৱৈত বাগৰি পৰিল ডাম্পাৰ, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই এখন ডাম্পাৰ পথৰ পৰা ৬০০ ফুট দ খাৱৈত বাগৰি পৰাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল তিনিজনকৈ লোকে।

মঙলবাৰে নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ বগীপুলত।

জানিব পৰা মতে, নিশা নিৰ্মন্দ থানাৰ অন্তৰ্গত বগীপুল ন’ মাৰ্গত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৬০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে এইচপি ৩৫এ ৩৫৬৭ নম্বৰৰ ডাম্পাৰখন।

দুৰ্ঘটনাত নিহত সকলক চালক ৰঞ্জয় পাল ওৰফে মিণ্টু (৩২), সহায়ক অংকিত (২৫) আৰু আন এজন গুড্ডু ৰাম (৩৮) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।