নিউজ ডেস্কঃ নামঘৰৰ মজিয়াত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই। এই শোকাবহ ঘটনা সংঁঘটিত হৈছে নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ কলিতাপাৰাত।
জানিব পৰা মতে, কলিতাপাৰাৰ জগন্নাথ মন্দিৰত বুধবাৰে সন্ধিয়া অঞ্চলটোৰ মহিলাসকলে গঠন কৰা ছ’চাইটিৰ এখন সভা অনুষ্ঠিত হৈছিল।
এই সভাৰ মাজতে কোনো কাৰণত হাঁহি হাঁহি হঠাৎ ঢলি পৰে ঘনশ্যাম ডেকাৰ পত্নী ৰেণু ডেকা (৬৫)। লগে লগে মহিলাগৰাকীক হাস্পতাললৈ নিয়াৰ যো-জা চলাই যদিও ইতিমধ্যেই মৃত্যু ঘটে ৰেণু ডেকাৰ।

অতি অমায়িক, সৰবৰহী মহিলাগৰাকীৰ এনে আকস্মিক বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। নামঘৰৰ অনুষ্ঠিত সভাৰ মাজতে ৰেণু ডেকাই মৃত্যু সাৱটি লোৱা ঘটনাই শোকবিহ্বল কৰিছে সকলোকে।
মৃত্যুৰ সময়ত তেওঁ স্বামী, তিনি পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ অনেক গুণমুগ্ধক এৰি থৈ যায়।









