মৰ্মান্তিক! কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকে মহতিয়াই লৈ গ’ল বাইক-অটো ৰিক্সা, মহিলাসহ ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী কাণ্ডৰ দৰেই সংঘটিত হ’ল আন এক ভয়ংকৰ দুৰ্ঘটনা। এইবাৰ দুৰ্ঘটনাৰ স্থান গুজৰাটৰ আনন্দ চহৰ।

গুজৰাটৰ এগৰাকী কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ বাহনৰ খুন্দাত বৃহস্পতিবাৰে নিহত হয় মহিলাসহ ৬ জনকৈ লোক। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে গুজৰাটৰ ৰাজনীতি। ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ঘটনাক এক ইছ্যু হিচাপেও ব্যৱহাৰত নামি পৰিছে শাসকীয় বিজেপি।

image 86
মৰ্মান্তিক! কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকে মহতিয়াই লৈ গ’ল বাইক-অটো ৰিক্সা, মহিলাসহ ৬ জনৰ মৃত্যু 3

গুজৰাট আৰক্ষীৰ এক সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আনন্দ চহৰৰ ৰাজ্যিক ঘাইপথত এখন নিয়ন্ত্ৰণহীন এছইউভি বাহনে প্ৰথমে এখন বাইকত খুন্দা মাৰে। তাৰ পিছতে মহতিয়াই লৈ যায় এখন অটো ৰিক্সা।

এই ঘটনাত বাইক আৰোহী দুজন যুৱকৰ লগতে অটোখনত থকা ৩ মহিলাসহ মুঠ ৬ জন লোকৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা এছইউভি বাহনখন আছিল সজিতৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক পুনমভাই মাধৱৈ পৰমাৰৰ জোঁৱায়েক কেতন পদীধৰৰ। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কেতন পদীধৰক আটক কৰাৰ লগতে বাহনখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

image 87
মৰ্মান্তিক! কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকে মহতিয়াই লৈ গ’ল বাইক-অটো ৰিক্সা, মহিলাসহ ৬ জনৰ মৃত্যু 4

আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অটো ৰিক্সাখনত থকা মাতৃ-কন্যাসহ তিনি মহিলাই ৰাখী উৎসৱৰ পৰা উভতিছিল। নিহত সকলক জয়াবেন মিষ্ট্ৰী, কন্যা জানহনিবেন মিষ্ট্ৰী আৰু বীনাবেন মিষ্ট্ৰী, অটো ৰিক্সাৰ চালক যশন ভোৰা, বাইক আৰোহী যোগেশ আৰু সন্দীপ বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই ঘটনাৰ পিছত গুজৰাটত আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। ঘটনা সন্দৰ্ভত গুজৰাট বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনৱালাই টুইট কৰি এয়াই কংগ্ৰেছৰ প্ৰকৃত ছবি বুলি সমালোচনা কৰে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ তৰফৰ পৰা এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই।