ৰাষ্ট্ৰীয়অসমীয়া

শোকাবহ! দ্ৰুতবেগী ডিআই বাহনে মহতিয়াই লৈ গ’ল এটা পৰিয়ালক! পিতৃ, দুই কন্যা আৰু নাতিৰ মৃত্যু

নিউজ ডেস্ক। দ্ৰুতবেগী ডিআই বাহনে মহতিয়াই লৈ গ’ল পিতৃ-কন্যা আৰু নাতিয়েকক।

বাইকেৰে আহি থকা সময়ত পিছফালৰ পৰা এখন নিয়্ন্ত্ৰনহীন ভানে প্ৰচণ্ড জোৰে খুন্দা মাৰে পৰিয়ালটোৰ ৪ সদস্যক। যাৰ ফলত নিহত হয় পিতৃ, দুই কন্যা আৰু নাতি!

এই শোকাবহ দুৰ্ঘটনা মঙলবাৰে সংঘটিত হৈছে উৰিষ্যাৰ গঞ্জাম জিলাত।

নিহত সকলক মুনিগাড়ীৰ নিৱাসী জয়ৰাম নায়ক, তেওঁৰ দুই কন্যা ৰিংকী নায়ক আৰু লক্ষ্মী পাত্ৰ আৰু নাতি বিশ্বজিৎ পাত্ৰ বুলি চিনাক্ত কৰা হৈছে।

বাতৰি অনুসৰি, জয়ৰাম নায়কে কৰ্মক্ষেত্ৰৰ পৰা গাঁওলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দ্ৰুতবেগী ডিআই বাহনখনে পিছফালৰ পৰা বাইকত খুন্দা মৰাৰ পিছত আটাইকেইজনকে মহতিয়াই লৈ যায়।

এই দুৰ্ঘটনাত জয়ৰাম নায়কৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে আহত দুই কন্যা আৰু নাতিক স্থানীয় লোকে উদ্ধাৰ কৰা নিকটতম হাস্পতাললৈ লৈ যোৱা হয় যদিও দুই কন্যা ৰিংকী আৰু লক্ষ্মীক মৃত ঘোষণা কৰে চিকিৎসকে।

আনহাতে নাতি বিশ্বজিৎ পাত্ৰক সংকটজনক অৱস্থাত মহাৰাজা ত্ৰুষ্ণা চন্দ্ৰ গতপতি চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। কিন্তু হাস্পতালত কিছু ঘণ্টা জৰুৰীকালীন চিকিৎসা প্ৰদান কৰাৰ পিছতে বিশ্বজিৎ পাত্ৰকো মৃত ঘোষণা কৰে চিকিৎসকে।

একেটা পৰিয়ালৰ এনেদৰে ৪ সদস্যৰ কৰুণ মৃত্যুৱে পৰিয়ালটোত দুখৰ বন্যা নমাইছে। ইফালে, পিকআপ ভানখনৰ চালকজনে বাইকখনত খুন্দা মৰাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

লগতে চাওকঃ

দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা

G4 2

Leave a Reply

Your email address will not be published. Required fields are marked *