অসম

চৰকাৰৰ মতে বিহু নচলে, চৰকাৰৰ মতে গছত ফল-ফুল নালাগেঃ মহেন্দ্ৰ হাজৰিকা…

এইবাৰ বিহুক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাৰ।

তেওঁ কয়- চৰকাৰৰ মতে বিহু নচলে, চৰকাৰৰ মতে বসন্ত নাই অহা, চৰকাৰৰ মতে গছত ফল-ফুল নালাগে। বিহু আমি পাতিমেই।

তেওঁ কয়- বিহু হ’ল প্ৰকৃতিৰ এক স্বকীয় অসমীয়া জাতীৰ প্ৰাণৰ স্পন্দন, বাৰিষাও বিহু হ’ব খৰালিও বিহু হ’ব, অৰঙে দৰঙে অসমৰ সকলোতে বিহু হ’বই।

তেওঁ লগতে প্ৰশ্ন কৰে যে, ভাদ্ৰ মাহত বা কাতি মাহত ৰজাঘৰীয়াৰ ডাঙৰ বিষয়া এজন আদৰিবলৈ বিহু কিয় মাৰে? অবতৰত বিহু কিয় মাৰিব? আবতৰত মিটিং খন থাকিল প্ৰতি বিহু মাৰিব পাৰে যদি বতৰত অসমীয়াই বিহু মাৰিব কিয় নোৱাৰে?

কাৰো নিৰ্দেশত বিহু নচলে বুলিও মন্তব্য কৰে শিল্পীগৰাকীয়ে।

বিহু অসমীয়া জাতীয়ে সকলো সময়তে পাতিব। অসমীয়াৰ প্ৰাণত আছে বিহু

Leave a Reply

Your email address will not be published. Required fields are marked *