শোকাবহ! দুৰ্যোগৰ বলি যোশীমঠৰ দুৰ্গতক সাহায্য বিতৰণ কৰিবলৈ গৈ দ খাৱৈত বাগৰি পৰিল সাহায্যভৰ্তি বাহন, ধৰ্মগুৰুৰ মৃত্যু…

নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ যোশীমঠত ভয়াবহ ৰূপ ধাৰণ কৰা প্ৰাকৃতিৰ দুৰ্যোগৰ সময়ত আক্ৰান্তৰ বাবে সাহায্য লৈ যোৱাৰ সময়তে শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ধৰ্মগুৰুৱে।

জানিব পৰা মতে, শনিবাৰে যোশীমঠ পাবলৈ আৰু মাত্ৰ কেই কিলোমিটাৰমান বাকী থকা সময়তে নিয়ন্ত্ৰণহীন হৈ সাহায্যভৰ্তি বাহনখন দ খাৱৈত বাগৰি পৰাত মৃত্যুক আঁকোৱালি লয় ফাদাৰ মেলভিন আব্ৰাহাম পল্লিথাজাথু (৩৭) নামৰ ধৰ্মগুৰুগৰাকীয়ে।

কেৰালাৰ কোঝিকোডৰ চকিট্টাপাৰাৰ নিৱাসী ফাদাৰ মেলভিনে যোশীমঠৰ দুৰ্গতসকলৰ মাজত সাহায্য বিতৰণৰ বাবে কিছু সাহায্য সামগ্ৰী লৈ শুকুৰবাৰে উত্তৰাখণ্ডৰ কোটদ্ৰৱাৰ পৰা ৩০০ কিলোমিটাৰ নিলগৰ যোশীমঠলৈ যাত্ৰা আৰম্ভ কৰিছিল।

পুৱা প্ৰায় ১০ বজাত জীপেৰে আৰম্ভ কৰা এই যাত্ৰাৰ সময়ত পিছলৈ সংগ দিছিল আন এগৰাকী ধৰ্মগুৰু আৰু যোশীমঠৰ এগৰাকী স্থানীয় নিৱাসীয়ে।

এই যাত্ৰা আৰম্ভ কৰাৰ পিছতে এটা ভিডিঅ’ও প্ৰস্তুত কৰিছিল ফাদাৰ মেলভিনে। য’ত তেওঁ যোশীমঠৰ দুৰ্যোগক লৈ দুখ ব্যক্ত কৰাৰ লগতে তেওঁৰ সামৰ্থ অনুযায়ী সাহায্য বিতৰণ কৰিব বুলি প্ৰকাশ কৰিছিল।

কিন্তু তেওঁলোকে যোশীমঠ পাবলৈ মাত্ৰ আৰু কেই কিলোমিটাৰমান বাকী থকা সময়তে এটা বৰফাবৃত্ত পথত তেওঁলোকৰ বাহনখন আৱদ্ধ হৈ পৰে।

গাড়ীখন বৰফৰ মাজত আৱদ্ধ হোৱাৰ পিছত ফাদাৰ মেলভিনৰ সৈতে থকা আন দুজন ব্যক্তিয়ে গাড়ীৰ পৰা নামি আহে।

কিন্তু ফাদাৰ মেলভিনে গাড়ীখন ঘূৰাবলৈ লওতেই হঠাৎ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা উফৰি দ খাৱৈত বাগৰি পৰে জীপখন।

ইফালে প্ৰতিকুল বতৰৰ বাবে বহু পলমকৈ উদ্ধাৰকাৰী দলে দ খাৱৈৰ পৰা গাড়ীসহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় মেলভিনৰ মৃতদেহ।

যোশীমঠৰ দুৰ্গতক সাহায্য বিতৰণ কৰিবলৈ গৈ এনেদৰে দুৰ্ঘটনাত পতিত হৈ ধৰ্মগুৰু গৰাকীৰ মৃত্যু ঘটাত শোকৰ ছাঁ পৰিছে।

প্ৰণিধানযোগ্য যে, যোশীমঠৰ অনেক ঘৰৰ মজিয়া, দেৱালত বৃহৎ ফাট মেলাত সুৰক্ষাৰ স্বাৰ্থত হাজাৰ হাজাৰ লোকক অস্থায়ী শিৱিৰলৈ স্থানান্তৰ কৰা হৈছে।

এনে পৰিস্থিতিত বহু লোকে এমুঠি অন্ন, এখন বস্ত্ৰৰ বাবেও হাহাকাৰ কৰিছে তীৰ্থনগৰী যোশীমঠত।