শোকাবহ! গাড়ীৰ সন্মুখত উপস্থিত হোৱা কুকুৰক বচাবলৈ গৈ গছত প্ৰচণ্ড খুন্দা, বন্ধন বেংকৰ মেনেজাৰসহ মৃত্যু দুজনৰ, সংকটজনক পত্নী-পুত্ৰৰ অৱস্থাও…

নিউজ ডেস্কঃ গাড়ীৰ সন্মুখত হঠাৎ উপস্থিত হোৱা কুকুৰৰ বচাবলৈ গৈ পথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা আই২০ বাহনৰ।

বিহাৰৰ পুৰ্ণিয়া জিলাৰ ৫৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহতোৰাৰ সমীপত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত বন্ধন বেংকৰ মেনেজাৰসহ দুজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত পত্নী আৰু পুত্ৰ।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত স্থানীয় লোকৰ সহযোগত আহত দুজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, আৰাৰিয়া জিলাৰ কুৰছাকাটা থানা এলেকাৰ অন্তৰ্গত মেহেন্দিপুৰ চিকনী নিৱাসী যোগেন্দ্ৰ ৰায়ৰ ঘৰত আছে এটা বন্ধন বেংকৰ শাখা।

দেওবাৰে যোগেন্দ্ৰ ৰায়ে পত্নী আৰু পুত্ৰৰ লগতে বন্ধন বেংকৰ মেনেজাৰ তথা খগড়িয়াৰ বাসিন্দা সুমিত মণ্ডলৰ সৈতে একেখন বাহনত বেংকৰ এক আলোচনা চক্ৰত ভাগ ল’বলৈ গৈছিল।

কিন্তু পুৱা প্ৰায় ১১ বজাত তেওঁলোকৰ বাহনখনৰ সন্মুখত হঠাৎ এটা কুকুৰ উপস্থিত হোৱাত কুকুৰটোক বচাবলৈ যাওতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে গাড়ীখন। যাৰ ফলত সুমিত মণ্ডল আৰু যোগেন্দ্ৰ ৰায়ৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে অতি গুৰুতৰভাৱে আহত হয় যোগেন্দ্ৰ ৰায়ৰ পত্নী শোভা দেৱী আৰু সেই সময়ত গাড়ী চলাই থকা পুত্ৰ নীতিশ কুমাৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।