শোকাবহ! দুপৰীয়াৰ আহাৰ খাই ক্লিনিকলৈ গৈ থকা সময়তে মহতিয়াই থৈ গ’ল ট্ৰাকে, মহিলা চিকিৎসকৰ মৃত্যু

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী ২৭ বৰ্ষীয় মহিলা চিকিৎসকৰ। মহাৰাষ্ট্ৰৰ পুনেৰ পিম্পড়িত মঙলবাৰে দুপৰীয়া সংঘটিত সংঘটিত হয় এই দুৰ্ঘটনা।

এখন স্কুটীত এখন দ্ৰুতবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা আহি প্ৰচণ্ড জোৰে খুন্দা মৰাত স্কুটী আৰোহী চিকিৎসক ডা০ জইছা (২৭)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

photo1663138487
শোকাবহ! দুপৰীয়াৰ আহাৰ খাই ক্লিনিকলৈ গৈ থকা সময়তে মহতিয়াই থৈ গ’ল ট্ৰাকে, মহিলা চিকিৎসকৰ মৃত্যু 3

উল্লেখ্য যে, কেৰালাৰ কাঝিকোডৰ নিৱাসী চিকিৎসক ডা০ জইছা পুনেৰ এখন ক্লিনিকত কৰ্মৰত আছিল। মঙলবাৰে দুপৰীয়া তেওঁ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি স্কুটী চলাই পুনৰ ক্লিনিকলৈ গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ট্ৰাক চালকজনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে।

maa
শোকাবহ! দুপৰীয়াৰ আহাৰ খাই ক্লিনিকলৈ গৈ থকা সময়তে মহতিয়াই থৈ গ’ল ট্ৰাকে, মহিলা চিকিৎসকৰ মৃত্যু 4

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত চিকিৎসকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত প্ৰথমে পুনেৰ তেওঁৰ বাসগৃহলৈ নিয়া হয়। তাৰ পিছতে নশ্বৰ দেহ কেৰালাৰ কাঝিকোডৰ ঘৰলৈ লৈ যোৱা হয়।

জানিব পৰা মতে, বুধবাৰে কাঝিকোডতে শেষকৃত্য সম্পন্ন কৰা হ’ব দুৰ্ঘটনাত প্ৰাণ হেৰুওকা মহিলা চিকিৎসকগৰাকীৰ।