মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ১১ জনৰ মৃত্যু, আহত ১২ জন

নিউজ ডেস্কঃ বুধবাৰে পুৱাই নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাছ দ খাৱৈত বাগৰি পৰাত কমেও ১১ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ১২ জন লোক গুৰুতৰভাৱে আহত হয়।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ চাওজিয়ানৰ সীমান্ত বেল্টৰ ব্ৰাৰী নাল্লাহৰ সমীপত। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ভাৰতীয় সেনা বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

photo1663138770
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ১১ জনৰ মৃত্যু, আহত ১২ জন 3

জানিব পৰা মতে, ৩৬ জনৰো অধিক যাত্ৰী কঢ়িয়াই মিনি বাছখনে গলি ময়দানৰ পৰা পুঞ্চ অভিমুখে গৈ থকা সময়তে বুধবাৰে পুৱা ব্ৰাৰী নাল্লাহৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰি থকা কমেও ১১ জন লোকৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে। তদুপৰি অইন ১২ জনক সেনা আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

photo1663138778
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ১১ জনৰ মৃত্যু, আহত ১২ জন 4

ইফালে এই মৰ্মান্তিক দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।